|| শনিৰ পাঁচালী ||
।।গণেশ বন্দনা।।
প্ৰণামো চৰণে প্ৰভু দেৱ গজানন।
তোমাৰ স্মৰণে হয় বিঘ্নবিনাশন।।
একদন্ত গজানন চতুৰ্ভূজ ধাৰী।
খৰ্বকায় স্থুলতণু লম্বোদৰধাৰী।।
দিব্য দেহে শোভা পায় নানা আভৰণ।
দিব্যমালা কণ্ঠে তুমি কৰিছা ধাৰণ।।
ৰক্তবৰ্ণ দেহ তোমাৰ মুষিক বাহণ।
সৰ্ব দেৱ-দেৱী আগে তোমাৰ পুজন।।
বিৰাজিত তুমি দেৱ ৰত্ন সিংহাসনে।
বাৰে বাৰে প্ৰাণাম কৰো দুখানি চৰণে।।
।।সৰ্ব দেৱ-দেৱীৰ বন্দনা।।
বন্দিলহো বৈকুণ্ঠত লক্ষ্মী নাৰায়ণ।
যোড়কৰে বন্দি সৰস্বতী আইৰ চৰণ।।
কৈলাসতে বন্দিলো দেৱ মহেশ্বৰে।
যোগী ঋষিগণ সদা যাৰ ধ্যান কৰে।।
বন্দিলো শ্ৰীদুৰ্গাৰ চৰণ দুখনি।
আদ্যাশক্তি মহামায়া বিশ্ব প্ৰসৱিনী।।
গণেশৰ শ্ৰীচৰণে কৰিনু প্ৰণতি।
বন্দিলো কাৰ্ত্তিকেয় দেৱ সেনাপতি।।
বন্দিলো চন্দ্ৰ সূৰ্য্য আৰু গ্ৰহগণ
বন্দিলো দশ মহাবিদ্যাৰ চৰণ।।
পতিত পাৱনী গঙ্গা কৰিনু বন্দন।
যাহাৰ স্মৰণে সৰ্ব পাপ বিনাশন।।
বৃন্দাবনত বন্দিলো শ্ৰীকৃষ্ণ ৰাধাৰে।
গয়া আদি তীৰ্থ ক্ষেত্ৰ বন্দি কৰযোড়ে।।
যম আৰু প্ৰজাপতি বন্দনা কৰিয়া।
ছায়া সবৰ্ণাৰে বন্দো প্ৰণত হইয়া।।
এতিয়া শনিদেৱক বন্দিলো যোড় কৰে।
ফনিন্দ্ৰ নগেন্দ্ৰ ইন্দ্ৰ কঁপে যাৰ ডৰে।।
সৰ্বদেৱ দেৱী পদে কৰিয়া প্ৰণতি।
ৰবিপুত্ৰ শনৈশ্চৰ কহিব ভাৰতী।।
যাহাৰ কৃপাত সৰ্ব দুঃখ নাশ হয়।
শনি তুষ্ট হলে গৃহে লক্ষ্মী বাঁধা ৰয়।।
স্কন্দ পুৰাণত আছে বৰ্ণনা ঋষিৰ।
অতিকে সুন্দৰ গুণ চৰিত্ৰ শনিৰ।।
শুদ্ধাচাৰত একমনে যি জনে পূজয়।
গ্ৰহৰাগ তাৰ প্ৰতি সুপ্ৰসন্ন হয়।।
সৰ্বকাৰ্যত শনি তাক কৰয় ৰক্ষণ।
ধনৈশ্বৰ্যে পূৰ্ণ হয় তাহাৰ ভৱন।।
বিপদত পৰি যেয়ে শনিদেৱক মাতে।
সূৰ্য্যপুত্ৰ গ্ৰহৰাজ ৰক্ষা কৰে তাকে।।
।।নৱগ্ৰহ স্তোত্ৰম্।।
ওঁ জবাকুসুমস্ঙ্কাশং কাশ্যপেয়ং মহাদ্যুতিম্।
ধ্বান্তৰিং সৰ্ব্বপাপঘ্নং প্ৰণতোহস্মি দিবাকৰম্।। ১
দিব্য শঙ্খ তুষাৰাভ্যং ক্ষীৰোদাৰ্ণব সম্ভৱম্।
নমামি শশিনং ভক্ত্যা শম্ভোৰ্মুকুট ভূষণম্।।২
ধৰণী গৰ্ভসম্ভুতং বিদ্যুত্পুঞ্জ সমপ্ৰভম্।
কুমাৰং শক্তিহস্তঞ্চ লোহিতাঙ্গং নমাম্যহম্।। ৩
প্ৰিয়ঙ্কুকলিকা শ্যামং ৰূপেণাপ্ৰতিমং বুধম্।
সৌম্যং সৰ্ব্বগুণোপেতং নমামি শশিনং সুতম্।। ৪
দেৱতানামৃষীণাঞ্চ গুৰুং কণকসন্নিভম্।
বন্দ্যভূতং ত্ৰিলোকেশং তং নমামি বৃহস্পতিম্।। ৫
হিমকুন্দমৃণালাভং দৈত্যানাং পৰমং গুৰুম্।
সৰ্ব্বশাস্ত্ৰ প্ৰবক্তাৰং ভাৰ্গবং প্ৰণমাম্যহম্।। ৬
নীলাঞ্জনচয় প্ৰখ্যং ৰবিসুত মহাগ্ৰহম্।
ছায়ায়া গৰ্ভসম্ভুতং বন্দো ভক্ত্যুা শনৈশ্চৰম্।। ৭
অৰ্দ্ধকায়ং মহাঘোৰং চন্দ্ৰাদিত্য বিমৰ্দ্দকম্।
সিংহিকায়াঃ সুতং ৰৌদ্ৰং তং ৰাহুং প্ৰণমাম্যহম্।। ৮
পলালধূমসঙ্কাশং তাৰাগ্ৰহ বিমৰ্দ্দকম্।
ৰৌদ্ৰং ৰুদ্ৰাত্মকং ক্ৰুূৰং তং কেতুং প্ৰণমাম্যহম্।। ৯
ইতি ব্যাস মুখোদ্গীতং য পঠেত্ সুগমাহিতং।
দিবা বা যদি বা ৰাত্ৰৌ শান্তিস্তস্য ন সংশয়ঃ।।
ঐশ্বৰ্যমতুলং তেষামাৰোগ্যং পুষ্টিবৰ্ধনম্।
নৰ-নাৰী-প্ৰিয়ত্বঞ্চ ভবেদ্দুস্বপ্ননাশনম্।।
তক্ষকোহগ্নিৰ্যমো বায়ূৰ্যে চান্যে গ্ৰহপিড়কাঃ।
তে সৰ্বে প্ৰশমং যান্তি ব্যাসো ব্ৰুয়ান্ ন সংশয়ঃ।।
।।ইতি শ্ৰীব্যাসদেৱভাষিতং নৱগ্ৰহস্তোত্ৰম্ সমাপ্তম।।